Show/Hide Keyboard Layout

ফুল কুঁৱৰীৰ

- বিষ্ণুপ্ৰসাদ ৰাভা

ফুল কুঁৱৰীৰ ৰস চুমি লৈ

পলাই ভোমোৰা

মুখ ঢাকি তাই কান্দে লুকাই

আপোন পাহৰা ।

সেই ফুলকে বুটলি আনি

তিয়ালো চকুলো সানি

গাঁঠিলো ফুলৰ মালা

ৰসেৰে ভৰাই ।

সেই ফুলৰেই মালাধাৰি

ল’লো মোৰ ডিঙিতে আঁৰি

সেই স্মৃতিটি সুৱৰি মই

হ’লো বিভোৰা ।

Hits: 2099